ক'ৰণা কি আৰু আমি এই বিষয়ে কি কৰিব পাৰোঁ।

ক'ৰণাভাইৰাছ বা ক'ৰণা এক ‍হ্মুদ্ৰ বীজাণু (যি খালী চকুৰ মণিব নোৱাৰি) যি মানুহৰ দেহত বিয়পিব পাৰে আৰু বেমাৰৰ সৃষ্টি কৰিবপাৰে। ক'ৰণাই চৰ্দি, শুকান কাঁহ, উশাহ-নিশাহৰ কষ্ট হোৱা আৰু চুটি হোৱা,জ্বৰ আৰু গা বিষৰ সৃষ্টি কৰে। ক'ৰণাই বিশেষকৈ শ্বাস নিশ্বাসৰ প্ৰণালীক প্ৰভাৱান্বিত কৰে। যদিও ইয়াৰ বেছিভাগ সংক্ৰমণ গুৰুতৰ সমস্যাৰ নহয় তথাপি ই নিউমোনীয়াৰ (যি হাওঁফাওঁৰ এক গুৰুতৰ ৰোগ) সৃষ্টি কৰিব পাৰে আৰু বিশেষ ক্ষেত্ৰত প্ৰাণঘাতকো হব পাৰে।

যিকোনো মানুহেই ক'ৰণাত আক্ৰান্ত হব পাৰে। বয়সস্হ ব্যক্তিসকল আৰু পূৰ্বৰে পৰা শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভোগা ব্যক্তি আৰু কেন্সাৰ বা মধুমেহ (ডায়েবেটিচ) ৰোগীসকল এই ৰোগত জটিলভাবে সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি থাকে।

এই ৰোগ এজন সংক্ৰমিত ব্যক্তিৰ শ্বাস প্ৰশ্বাস, কাহ, হাঁচি আদিৰ দ্বাৰা কোনো বস্তুৰ পৃষ্ঠ বা খাদ্যত পৰা কণিকাসমূহৰ দ্বাৰা বিয়পিব পাৰে। এই ভাইৰাছ দেহত মুখ,নাক বা চকুৰ দ্বাৰা বিয়পিব পাৰে। এবাৰ দেহত প্ৰবেশ কৰা পিছত ই শৰীৰৰ আন আন অংশসমূহলৈও বিয়পি যায়। ক'ৰণা ভাইৰাছ মানব দেহত ইয়াৰ লক্ষণসমূহ দেখা দিয়াৰ আগলৈকে ১৪ দিনলৈকে থাকিব পাৰে। গতিকে ইয়াৰ দ্বাৰা আক্ৰান্ত লোকসকলে এই ভাইৰাছ দেহত থকাৰ পিছতো নজনাকৈয়ে অন্য লোকলৈ সংক্ৰমণ কৰিব পাৰে।

ক'ৰণা ভাইৰাছ কোনো এণ্টিবায়টিক বা ঘৰুৱা চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব নোৱাৰি। ক'ৰণা কেৱল সংক্ৰমিত হব নোৱাৰাকৈ আঁতৰি থাকি আৰু সঘনাই হাত ধোঁৱাৰ দ্বাৰাহে প্ৰতিৰোধ কৰিব পৰা যায়।.

সংক্ৰমণ ৰোধ কৰিবৰ বাবে, আমি হাত দুখন চাবোনেৰে পানীৰ সৈতে ভালকৈ ধুব লাগে। আনকি হাত দুখন দেখাত অপৰিষ্কাৰ যেন নালাগিলেও হাত ধোঁৱাটো অতি প্ৰয়োজনীয়। হাত ধোঁওতে চাবোনেৰে প্ৰায় ২০ চেকেণ্ড সময় ধুব লাগে আৰু হাতৰ মুঠি আৰু নখপয্যন্ত অতি ভালদৰে ঘঁহি পানীৰ সৈতে ধোঁৱাটো অতি প্ৰয়োজনীয়।
খাদ্য প্ৰস্তুত কৰাৰ আগত আৰু পিছত, শৌচ কৰা পিছত, খোৱাৰ আগত, ঘৰৰ কোনো ৰোগীক শুষ্ৰসা কৰাৰ আগত আৰু পিছত, ঘৰৰ কোনো জীৱ জন্তু প্ৰতিপালন আৰু মলমূত্ৰ চফা কৰা পিছত, কাঁহ, হাঁচি আৰু নাক চফা কৰা পিছতো হাত ধোঁৱাটো অতি প্ৰয়োজনীয়।

হাত নোধোৱাকৈ নিজৰ চকু,নাক আৰু মুখ কেতিয়াও স্পৰ্শ কৰিব নালাগে। যিহেতু হাতখনৰ সৈতে বহুতো বস্তুৰ স্পৰ্শ হয় গতিকে হাত দুখনত বহুতো ভাইৰাছ থাকিব পাৰে। এবাৰ স্পৰ্শ হোৱাৰ পিছত হাতৰ দ্বাৰা এনে ভাইৰাছসমূহ আপোনাৰ চকু, মুখ আৰু নাকৰ যোগেদি প্ৰবেশ ঘটিব পাৰে আৰু আপোনাক ৰোগাক্ৰান্ত কৰি তুলিব পাৰে।

জ্বৰ, কাঁহ বা অন্য যিকোনো শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকৰ পৰা আঁতৰি থকাটো অত্যন্ত প্ৰয়োজনীয়। কাহোঁতে বা হাঁচিওৱা সময়ত সদায় মুখখন ঢ়াকি আৰু নাকটো কান্ধেৰে ঢ়াকি কৰিব লাগে অথবা ৰুমাল বা টিছু পেপখৰেৰে ঢ়াকি লব লাগে।ব্যৱহাৰ কৰা পিছত টিছু পেপাৰখন আৰ্ৱজনাৰ বাবে ৰ্নিৰ্দিষ্ট বন্ধ বাকচত পেলাই দিব লাগে। ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱাৰ পৰা বিৰত থাকিব লাগে।

এজন সুস্থ ব্যক্তিয়ে নিজৰ আৰু কাঁহ আৰু হাঁচিওৱা এজন ব্যক্তিৰ মাজত এক মিটাৰ অথবা তিনি ফুটৰ ব্যৱধান ৰাখিব লাগে। পৰাপক্ষত জ্বৰ আৰু কাঁহ হৈ থকা যিকোনো ব্যক্তিৰ ওচৰত থাকিব নালাগে।

যদি আপুনি এজন কাঁহ,জ্বৰ আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যাৰে আক্ৰান্ত ব্যক্তিৰ চোৱাচিতা কৰিবলগীয়া হয়, তেনেহলে এখন মাস্ক লগাবলৈ নাপাহৰিব আৰু বিশেষকৈ হাত দুখনৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব।

ক'ৰণাক প্ৰতিহত কৰিবলৈ, আটাইতকৈ নিৰাপদ উপায়টো হৈছে অন্য ব্যক্তিৰ পৰা দূৰত থকা। ক'ৰণা আৰু অন্যান্য ভাইৰাছ সমূহ হাত দুখনৰ সৈতে কৰমৰ্দন বা সংস্পৰ্শত আহিলে সংক্ৰমিত হয় আৰু পিছত চকু,মুখ আৰু নাকৰ যোগেদি দেহত প্ৰবেশ ঘটে। গতিকে অন্য ব্যক্তিৰ সৈতে সৰ্ম্পকত অহা সময়ত,হাত দুখনেৰে কৰমৰ্দন, চুমাৰে বা সাবটি অভিবাদন জনাব নালাগে।মানুহক হাত দুখন দূৰৰ পৰা জোকাৰি, নমস্কাৰ জনাই বা মূৰটো লাহেকৈ জোকাৰি সম্ভাষণ জনাব লাগে। যদি আপোনাৰ অণ্ছল ক'ৰণাত প্ৰভাৱান্বিত, তেনেহলে বাহিৰলৈ ওলাই নাযায় ঘৰত থকাটো অতি প্ৰয়োজনীয়।

যদিহে আপুনি অসুস্থ যেন অনুভৱ কৰে আৰু মূৰ বিষ,চৰ্দি আদিৰ দৰে সাধাৰণ লক্ষণসমূহে দেখা দিয়ে তেনেহলে সুস্থ নোহোৱা পৰ্য্যন্ত ঘৰত থাকিব লাগে। যদি আপোনাৰ হাঁচিওৱা, শুকান কাঁহ,উশাহ-নিশাহ লোৱাত কষ্ট পোৱা আৰু জ্বৰ থাকে তেনেহলে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজনীয় কিয়নো ই হাঁওফাঁওজনিত সংক্ৰমণ বা অন্য যিকোনো গুৰুতৰ সমস্যাৰ কাৰণ হব পাৰে।

ক'ৰণাৰ সৰ্ম্পকে থকা ভূল ধাৰণা আৰু অপপ্ৰচাৰসমূহ অতি ভয়াৱহ আৰু ই মানুহৰ মৃত্যুৰ কাৰণ হব পাৰে। উদাহৰণস্বৰূপে, সুৰা সেৱন কৰিলে প্ৰতিৰোধৰ সলনি ক্ষতিকাৰক হে হব পাৰে। আনকি বন্ধু বা নিকটৱৰ্তী আত্মীয় স্বজনৰ পৰা পোৱা তথ্য আৰু উপদেশসমূহো ভূল আৰু ক্ষতিকাৰক হব পাৰে। ক'ৰণা সম্বন্ধে কেৱল মাত্ৰ স্থানীয় চৰকাৰী নিৰ্দেশ আৰু উপদেশহে অনুসৰণ কৰক।

আপুনি এই বাৰ্তাটো আগবঢ়াই দি ক'ৰণাৰ বিৰুদ্ধে এই যুজঁত সহায় কৰিব পাৰে। অনুগ্ৰহ কৰি এইটো বাৰ্তা মেছেজিঙ এপসমূহ বিশেষকৈ হোৱাটছ এপত নিজৰ বন্ধু আৰু পৰিয়ালবৰ্গৰ সৈতে শ্বেয়াৰ কৰক।

উপৰোক্ত বিষয়বস্তু স্বাস্থ্য সম্বন্ধীয় বিষয়সমূহ বিশ্বব্যাপী প্ৰচাৰ কৰা পৰিযোজনা অডিঅ'পিডিয়াৰ দ্বাৰা প্ৰচাৰিত।